আহোম ৰাজবংশsunLdre e h2kGxCc cde9Aa L5i o 7xet Iieti Kkd vI VYy

আহোম ৰাজবংশ
Ahom insignia plain.svg
চুকাফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ ফুতুণ্‌ফা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰাম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিনফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিনফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯
AhomDregon.JPG

আহোম ৰাজ্য      অসম বুৰঞ্জী

 প্ৰ     

আহোম বংশ‍ই (১২২৮-১৮২৬) বৰ্তমানৰ অসমৰ অংশ আহোম সাম্ৰাজ্য প্ৰায় ৬০০ বছৰ ধৰি ৰাজত্ব কৰিছিল। পাটকাই পৰ্বত পাৰ হৈ অসমলৈ অহা মং মাওৰ শান ৰাজকুমাৰ চুকাফাই এই বংশ প্ৰতিষ্ঠা কৰিছিল। অসমত মানৰ আক্ৰমণ আৰু ১৮২৬ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছতে এই আহোম বংশৰ শাসনৰ অন্ত পৰে।

মধ্যযুগৰ বুৰঞ্জীত এই বংশৰ ৰজাসকলক "অসম ৰজা" বুলি কোৱা হৈছে। আনহাতে প্ৰজাই তেওঁলোকক "চাওফা" (চাও-দেৱতা, ফা-স্বৰ্গ) বা ১৬শ শতিকাৰ পৰা "স্বৰ্গদেউ" বুলি মাতিছিল।

সূচী

  • 1 স্বৰ্গদেউ
    • 1.1 ৰাজাভিষেক
    • 1.2 ৰাজকীয় পৰিয়াল আৰু ফৈদসমূহ
    • 1.3 ৰাণী
    • 1.4 ধৰ্মীয় প্ৰভাৱ
  • 2 স্বৰ্গদেউসকলৰ তালিকা
  • 3 টোকা
  • 4 তথ্য সংগ্ৰহ
  • 5 বাহ্যিক সংযোগ

স্বৰ্গদেউ[সম্পাদনা কৰক]

আহোম ৰজাসকল মং মাওৰ পৰা অসমলৈ অহা প্ৰথম ৰজা চুকাফাৰ বংশধৰ আছিল [1]। উত্তৰাধিকাৰ সূত্ৰেই ৰজাৰ বাচনি হৈছিল, কিন্তু ৰুদ্ৰসিংহৰ হুকুমমতে তেওঁৰ পিছত তেওঁৰ পাঁচজন পুত্ৰৰ ভিতৰত চাৰিজনেই এজন এজনকৈ ৰাজপাটত বহিছিল। স্বৰ্গদেউৰ পদ চুকাফাৰ বংশধৰ সকলৰ বাবেই সংৰক্ষিত আছিল আৰু তেওঁলোক মন্ত্ৰীপদৰ বাবে বিবেচিত নহৈছিল। সাম্ৰাজ্যৰ অন্তিম কাললৈকে এই প্ৰথা চলি আহিছিল। যেনে- সভাসদসকলে আতন বুঢ়াগোঁহাঞিক ৰজা হ’বলৈ অনুৰোধ কৰোঁতে তেওঁ নাকচ কৰিছিল।

পাত্ৰমন্ত্ৰীসকলে (বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই, বৰবৰুৱা, বৰফুকন) অনুমোদন কৰিলেহে কোনো প্ৰাৰ্থী ৰাজপাটত বহিব পাৰিছিল। ১৪শ শতিকাৰ তিনি সময়ত উপযুক্ত প্ৰাৰ্থী নথকাৰ বাবে ৰাজ্যৰ কোনো শাসক নাছিল। মনঃপুত নহ’লে মন্ত্ৰীসকলে কোনো ৰজাক শাসনৰ পৰা আঁতৰাব পাৰিছিল আৰু তেওঁক ফাঁচী দিয়া হৈছিল। ১৭শ শতিকাত ক্ষমতাৰ বাবে খোৱাকামোৰা লাগোতে অতি কম সময়ৰ পৰিসৰতে নতুন নতুন শাসক ৰাজপাটত বহিছিল আৰু পূৰ্বৰ ৰজাক হত্যা কৰা হৈছিল। চুলিক্‌ফা ল’ৰা ৰজাৰ দিনত এটা নিয়ম সৃষ্টি কৰা হ’ল যে ৰজা হ’বলৈ প্ৰাৰ্থীৰ অঙ্গত খুঁত থাকিব নালাগিব আৰু ইয়াৰ সুযোগ লৈয়েই বহুতো আহোম কোঁৱৰৰ অঙ্গক্ষত কৰা হৈছিল। ৰুদ্ৰসিংহ‍ইও তেওঁৰ ভ্ৰাতৃ লেচাইৰ মনোভাৱৰ ওপৰত সন্দেহ কৰি অঙ্গক্ষত কৰাইছিল। তথাপিও উত্তৰাধিকাৰীৰ সমস্যা অব্যাহত আছিল আৰু ৰুদ্ৰসিংহ‍ই তেওঁৰ পিছত পুত্ৰসকল এজন এজনকৈ ৰজা হ’বলৈ আদেশ দিছিল। তেওঁৰ এজন পুত্ৰ মোহনমালাক আওকাণ কৰা হৈছিল যিয়ে পিছলৈ মোৱামৰীয়া বিদ্ৰোহত এটা দলক নেতৃত্ব দিছিল। পিছৰকালৰ শাসক আৰু সভাসদসকলেও এনে নিয়মৰ সুযোগ লোৱাত দুৰ্বল ৰজাই ৰাজপাটত বহিব পাৰিছিল। নিজৰ নিজৰ পিতৃৰ অঙ্গক্ষত হোৱা কমলেশ্বৰ সিংহ (কদম দীঘলাৰ পুত্ৰ) আৰু পুৰন্দৰ সিংহ (ব্ৰ্জনাথৰ পুত্ৰ আৰু আহোমৰ শেষ ৰজা) শাসক হোৱাৰ সুযোগ পাইছিল।

আহোম ৰজাসকলৰ ওপৰত দৈৱিকত্ব আৰোপ কৰা হয়। আহোম পৰম্পৰাৰ মতে চুকাফা আছিল খুনলুঙৰ বংশধৰ, যি স্বৰ্গৰ পৰা নামি আহি মং-ৰি-মং-ৰাম শাসন কৰিছিল। চুহুংমুংৰ ৰাজত্বকালত (১৪৯৭-১৫৩৯) প্ৰথম অসমীয়া বুৰঞ্জী লিখা হৈছিল আৰু হিন্দু ধৰ্মৰ প্ৰভাৱ বাঢ়ি আহিছিল। সেইসময়ত আহোম ৰজাসকলৰ মূলক ইন্দ্ৰ(খুংলুং বুলি ঠাৱৰ কৰা হয়) আৰু শ্যামা(এগৰাকী নিম্নবংশীয় মহিলা)ৰ মিলনৰ লগত জড়িত কৰা হৈছিল আৰু তেওঁলোকক আহোমৰ বাবে সৃষ্টি কৰা গোষ্ঠী "ইন্দ্ৰবংশ ক্ষত্ৰীয় বুলি প্ৰচাৰ কৰা হৈছিল [2]। চুহুংমুঙে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল আৰু পিছৰ ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হৈছিল।

ৰাজাভিষেক[সম্পাদনা কৰক]

স্বৰ্গদেউৰ ৰাজাভিষেকক "শিঙৰী ঘৰ উঠা" বুলি কোৱা হৈছিল। চুদাংফা বামুণী কোঁৱৰৰ দিনত (১৩৯৭-১৪০৭) ইয়াক প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ উপদেশমতে কমলেশ্বৰ সিংহ (১৭৯৫-১৮১১) আৰু চন্দ্ৰকান্ত সিংহৰ (১৮১১-১৮১৮) ৰাজ্যাভিষেক পালন কৰা হোৱা নাছিল। ৰাজত্বকালত মৃত্যু হোৱা ৰজাক মৈদামত সমাধিস্থ কৰা হৈছিল। ইয়াৰে বহুতো মৈদামত ১৭শ শতিকাত মিৰ জুমলাই লুটপাত চলায়। পিছৰকালত খৰি দিয়া কিছুসংখ্যক ৰজাৰ (যেনে- শিৱসিংহ) ভস্ম সমাধিস্থ কৰা হৈছিল।

ৰাজপাটত বহাৰ সময়ত নতুন ৰজাই আহোম পুৰোহিতসকলে ঠিৰাং কৰা এটা আহোম নাম গ্ৰহণ কৰিছিল। নামটোৰ শেষডোখৰ আছিল ফা (টাই: প্ৰভু, দেৱতা)। যেনে- চুচেংফা। পিছৰ ৰজাসকলে সিংহ দি শেষ হোৱা হিন্দু নাম এটাও লৈছিল। যেনে- চুচেংফাই নাম লৈছিল প্ৰতাপ সিংহ। বুৰঞ্জীত ৰজাসকলৰ কোনো বৈশিষ্ট ফুটি উঠা অনানুষ্ঠানিক নামো পোৱা যায়। ৰজা হোৱাৰ সময়ত প্ৰতাপ সিংহৰ বয়স যথেষ্ট হৈছিল বাবে তেওঁক বুঢ়া ৰজা বুলিও কোৱা হয়।

ৰাজকীয় পৰিয়াল আৰু ফৈদসমূহ[সম্পাদনা কৰক]

তৃতীয় আহোম ৰজা চুবিন্‌ফাই (১২৮১-১২৯৩) আহোমৰ অভিজাত সাতটা বংশক সাতঘৰীয়া আহোম নাম দিয়ে। ইয়াৰে প্ৰথমটো বংশ আছিল ৰজাৰ। দ্বিতীয় আৰু তৃতীয় বংশ আছিল ক্ৰমে বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ। শেষৰ চাৰিটা বংশ আছিল আহোম পুৰোহিতৰ। চুখ্ৰাম‌ফাই (১৩৩২-১৩৬৪) আপাত উত্তৰাধিকাৰীৰ বাবে সংৰক্ষিত উপাধি চাৰিং ৰজাৰ আৰম্ভণি কৰে। প্ৰথমজন চাৰিং ৰজা আছিল চুখ্ৰাম্‌ফাৰ অৰ্দ্ধ ভ্ৰাতৃ আৰু কমতা কুঁৱৰী ৰজনীৰ পুত্ৰ চাও পুলাই। চুহুংমুং দিহিঙীয়া ৰজাই (১৪৯৭-১৫৩৯) পূৰ্বৰ ৰজাৰ বংশধৰসকলক ভিন ভিন ঠাইত থাপে যি পিছলৈ আহোমৰ সাতটা ৰাজকীয় ফৈদ হৈ পৰে: চাৰিঙীয়া, টিপমীয়া, দিহিঙীয়া, চামগুৰীয়া, টুংখুঙীয়া, পৰ্বতীয়া আৰু নামৰূপীয়া। গদাধৰ সিংহ‍ই (১৬৮১-১৬৯৬) টুংখুঙীয়া ফৈদৰ শাসনৰ পাতনি মেলে আৰু আহোম সাম্ৰাজ্যৰ শেষ দিনলৈকে তেওঁলোকে ৰাজত্ব কৰে।

ৰাণী[সম্পাদনা কৰক]

আহোম ৰাণীসকলেও (কুঁৱৰী) ৰাজ্য শাসনত গুৰুত্বপূৰ্ণ ভুমিকা লৈছিল। আনুষ্ঠানিকভাৱে তেওঁলোকক বৰ কুঁৱৰী, পৰ্বতীয়া কুঁৱৰী, ৰাইডাঙীয়া কুঁৱৰী, তামূলী কুঁৱৰী আদি পদ দিয়া হৈছিল। তেওঁলোক আছিল আহোমৰ উচ্চ বা সম্ভ্ৰান্ত পৰিয়ালৰ জী। নিম্ন বংশজাত ৰাণীক চমুৱা কুঁৱৰী বুলি কোৱা হৈছিল। কিছুমানক শাসনৰ বাবে ৰাজ্যৰ একোটা অংশ দিয়া হৈছিল যিবোৰ ফুকন, বৰুৱা আদিয়ে চোৱা-চিতা কৰিছিল। শিৱসিংহই (১৭১৪-১৭৪৪) তেওঁৰ ৰাণী ফুলেশ্বৰী কুঁৱৰী, অম্বিকা কুঁৱৰী আৰু অনাদৰী কুঁৱৰীক এগৰাকী এগৰাকীকৈ ৰাজ্য শাসনৰ বাবে ৰাজ ছত্ৰ আৰু ৰাজ চিহ্ন প্ৰদান কৰিছিল। তেওঁলোকক কোৱা হৈছিল বৰ-ৰজা [3]। সেইকালৰ প্ৰচলিত মুদ্ৰাৰ ওলোটা পিঠিত ৰাণীৰ নাম লিখা থকালৈ চাই তেওঁলোকৰ গুৰুত্ব বুজিব পাৰি।

ধৰ্মীয় প্ৰভাৱ[সম্পাদনা কৰক]

শিৱসাগৰ চহৰৰ সমীপত থকা আহোম সৈন্যৰ প্ৰতিমূৰ্তি

চুকাফাৰ আৰাধ্য দেৱতা আছিল চোমদেও নামৰ এগৰাকী অনা-হিন্দু, অনা-বুদ্ধধৰ্মীয় দেৱতা। পুজা-পাতলৰ বাবে দেওধাই, বাইলুং আদি পুৰোহিতৰ শ্ৰেণী আছিল। কিন্তু কালক্ৰমত শাসিত ৰাজ্যৰ ধৰ্ম-সংস্কৃতিৰ প্ৰভাৱ আহোম ৰজাসকলৰ ওপৰত পৰিবলৈ ধৰিলে। ব্ৰাহ্মণৰ ঘৰত ডাঙৰ-দীঘল হোৱা চুদাংফা বামুণী কোঁৱৰৰ (১৩৯৭-১৪০৭) দিনৰে পৰা হিন্দু ধৰ্ম‍ই ৰাজপৰিয়ালত প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰে। চুহুংমুং দিহিঙীয়া ৰজা (১৪৯৭-১৫৩৯) আছিল অনা-আহোম নাম স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম ৰজা। মহাপুৰুষীয়া ধৰ্মত দিক্ষিত হোৱা প্ৰথম ৰজা আছিল চুটাম্‌লা (১৬৪৮-১৬৬৩)। লাহে লাহে মহাপুৰুষীয়া ধৰ্মৰ বিভিন্ন খেলৰ লোকসকলে ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভুমিকা ল’বলৈ ধৰিলে। ১৭শ শতিকাৰ শেষৰ ঘ্টনাৱলীৰ পিছত প্ৰথম টুংখুঙীয়া ফৈদৰ ৰজা গদাধৰ সিংহ‍ই (১৬৮১-১৬৯৬) তেওঁৰ শাসনকালত এই ধৰ্মীয় গোটবোৰৰ প্ৰতি মনত গভীৰ অবিশ্বাস পুহি ৰাখিছিল। তেওঁৰ পুত্ৰ আৰু উত্তৰাধিকাৰী ৰুদ্ৰসিংহৰ দিনত (১৬৯৬-১৭১৪) বিকল্প ধৰ্মৰ সন্ধান আৰম্ভ হয়। ৰুদ্ৰসিংহৰ পুত্ৰ আৰু উত্তৰাধিকাৰী শিৱসিংহই (১৭১৪-১৭৪৪) আনুষ্ঠানিকভাৱে শাক্তধৰ্ম গ্ৰহণ কৰে। শিৱসিংহৰ শাসনকালৰে পৰা আৰম্ভ হোৱা মহাপুৰুষীয়া সত্ৰৰ ওপৰত আৰম্ভ হোৱা অত্যাচাৰ মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান কাৰক আছিল যি আহোম সাম্ৰাজ্যৰ শক্তি বহুলাংশে হ্ৰাস কৰে।

স্বৰ্গদেউসকলৰ তালিকা[সম্পাদনা কৰক]

বৰ্ষ শাসনকাল অহোম নাম অন্য নাম উত্তৰাধিকাৰী শাসন অন্ত ৰাজধানী
১২২৮-১২৬৮ ৪০ বছৰ চুকাফা প্ৰাকৃতিক মৃত্যু চৰাইদেও
১২৬৮-১২৮১ ১৩ বছৰ চুতেউফা চুকাফাৰ পুত্ৰ প্ৰাকৃতিক মৃত্যু চৰাইদেও
১২৮১-১২৯৩ ১২ বছৰ চুবিন্‌ফা চুতেউফাৰ পুত্ৰ প্ৰাকৃতিক মৃত্যু চৰাইদেও
১২৯৩-১৩৩২ ৩৯ বছৰ ত্যাওচুখাংফা চুবিন্‌ফাৰ পুত্ৰ প্ৰাকৃতিক মৃত্যু চৰাইদেও
১৩৩২-১৩৬৪ ৩২ বছৰ চুখ্ৰাংফা ত্যাওচুখাংফাৰ পুত্ৰ প্ৰাকৃতিক মৃত্যু চৰাইদেও
১৩৬৪-১৩৭৬ ১২ বছৰ চুতুফা চুখ্ৰাংফাৰ ভায়েক চুতীয়া ৰজাৰ দ্বাৰা ভতৰা গৰুৰে গছকাই হত্যা চৰাইদেউ
১৩৭৬-১৩৮০ ৪ বছৰ পাত্ৰ মন্ত্ৰীসকলৰ দ্বাৰা শাসন চৰাইদেও
১৩৮০-১৩৮৯ ৯ বছৰ ত্যাও খামটি চুখান্‌ফাৰ পুত্ৰ হত্যা [4] চৰাইদেও
১৩৮৯-১৩৯৭ ৮ বছৰ শাসক নাই
১৩৯৭-১৪০৭ ১০ বছৰ চুদাংফা বামুণী কোঁৱৰ ত্যাও খামটিৰ পুত্ৰ প্ৰাকৃতিক মৃত্যু চৰাগুৱা
১৪০৭-১৪২২ ১৫ বছৰ চুজান্‌ফা চুদাংফাৰ পুত্ৰ প্ৰাকৃতিক মৃত্যু
১৪২২-১৪৩৯ ১৭ বছৰ চুফাক‌‍ফা চুজান্‌ফাৰ পুত্ৰ প্ৰাকৃতিক মৃত্যু
১৪৩৯-১৪৮৮ ৪৯ বছৰ চুচেন্‌ফা চুফাক্‌ফাৰ পুত্ৰ প্ৰাকৃতিক মৃত্যু
১৪৮৮-১৪৯৩ ৫ বছৰ চুহেন্‌ফা চুচেন‌ফাৰ পুত্ৰ হত্যা [5]
১৪৯৩-১৪৯৭ ৪ বছৰ চুপিম্‌ফা চুহেন্‌ফাৰ পুত্ৰ প্ৰাকৃতিক মৃত্যু
১৪৯৭-১৫৩৯ ৪২ বছৰ চুহুংমুং স্বৰ্গনাৰায়ণ, দিহিঙীয়া ৰজা ১ চুপিম্‌ফাৰ পুত্ৰ হত্যা [6] বকতা
১৫৩৯-১৫৫২ ১৩ বছৰ চুক্লেংমুং গড়গঞা ৰজা চুহুংমুঙৰ পুত্ৰ প্ৰাকৃতিক মৃত্যু গড়গাঁও
১৫৫২-১৬০৩ ৫১ বছৰ চুখাম্‌ফা খোৰা ৰজা চুক্লেংমুঙৰ পুত্ৰ প্ৰাকৃতিক মৃত্যু গড়গাঁও
১৬০৩-১৬৪১ ৩৮ বছৰ চুচেংফা প্ৰতাপ সিংহ, বুঢ়া ৰজা, বুদ্ধিস্বৰ্গনাৰায়ণ চুখাম‌ফাৰ পুত্ৰ প্ৰাকৃতিক মৃত্যু গড়গাঁও
১৬৪১-১৬৪৪ ৩ বছৰ চুৰাম্‌ফা জয়দিত্য সিংহ, ভগা ৰজা চুচেংফাৰ পুত্ৰ ক্ষমতাচ্যুত গড়গাঁও
১৬৪৪-১৬৪৮ ৪ বছৰ চুটিংফা নৰীয়া ৰজা চুৰাম্‌ফাৰ ভায়েক ক্ষমতাচ্যুত গড়গাঁও
১৬৪৮-১৬৬৩ ১৫ বছৰ চুটাম‌লা জয়ধ্বজ সিংহ, ভগনীয়া ৰজা চুটিংফাৰ পুত্ৰ প্ৰাকৃতিক মৃত্যু গড়গাঁও, বকতা
১৬৬৩-১৬৭০ ৭ বছৰ চুপাংমুং চক্ৰধ্বজ সিংহ চুটামলাৰ সম্বন্ধীয় ভ্ৰাতৃ প্ৰাকৃতিক মৃত্যু বকতা/ গড়গাঁও
১৬৭০-১৬৭২ ২ বছৰ চুন্যাত্‌ফা উদয়াদিত্য সিংহ চুপাংমুঙৰ ভ্ৰাতৃ ক্ষমতাচ্যুত
১৬৭২-১৬৭৪ ২ বছৰ চুক্লাম্‌ফা ৰামধ্বজ সিংহ চুন্যাত্‌ফাৰ ভ্ৰাতৃ বিহ খুৱাই হত্যা
১৬৭৪-১৬৭৫ ২১ দিন চুহুংগা চামগুৰীয়া ৰজা চুহুংমুঙৰ চামগুৰীয়া বংশধৰ ক্ষমতাচ্যুত
১৬৭৫-১৬৭৫ ২৪ দিন গোবৰ ৰজা চুহুংমুঙৰ পৰিনাতি ক্ষমতাচ্যুত
১৬৭৫-১৬৭৭ ২ বছৰ চুজিন্‌ফা অৰ্জুন কোঁৱৰ, দিহিঙীয়া ৰজা ২ নামৰূপীয়া গোহাঁইৰ পুত্ৰ, প্ৰতাপ সিংহৰ নাতি ক্ষমতাচ্যুত, আত্মহত্যা
১৬৭৭-১৬৭৯ ২ বছৰ চুদৈফা পৰ্বতীয়া ৰজা চুহুংমুঙৰ পৰিনাতি ক্ষমতাচ্যুত, হত্যা
১৬৭৯-১৬৮১ ৩ বছৰ চুলিক্‌ফা ৰত্নধ্বজ সিংহ, ল’ৰা ৰজা চামগুৰীয়া বংশ ক্ষমতাচ্যুত, হত্যা
১৬৮১-১৬৯৬ ১৫ বছৰ চুপাত্‌ফা গদাধৰ সিংহ গোবৰ ৰজাৰ পুত্ৰ প্ৰাকৃতিক মৃত্যু
১৬৯৬-১৭১৪ ১৮ বছৰ চুখ্ৰুংফা ৰুদ্ৰ সিংহ চুপাত্‌ফাৰ পুত্ৰ প্ৰাকৃতিক মৃত্যু ৰংপুৰ
১৭১৪-১৭৪৪ ৩০ বছৰ চুতান‌ফা শিৱ সিংহ চুখ্ৰুংফাৰ পুত্ৰ প্ৰাকৃতিক মৃত্যু
১৭৪৪-১৭৫১ ৭ বছৰ চুনেন্‌ফা প্ৰমত্ত সিংহ চুতান‌ফাৰ ভ্ৰাতৃ প্ৰাকৃতিক মৃত্যু
১৭৫১-১৭৬৯ ১৮ বছৰ চুৰাম্‌ফা ৰাজেশ্বৰ সিংহ চুনেন্‌ফাৰ ভ্ৰাতৃ প্ৰাকৃতিক মৃত্যু
১৭৬৯-১৭৮০ ১১ বছৰ চুন্যেওফা লক্ষ্মী সিংহ চুৰাম্‌ফাৰ ভ্ৰাতৃ প্ৰাকৃতিক মৃত্যু
১৭৮০-১৭৯৫ ১৫ বছৰ চুহিত্পাংফা গৌৰীনাথ সিংহ চুন্যেওফা প্ৰাকৃতিক মৃত্যু যোৰহাট
১৭৯৫-১৮১১ ১৬ বছৰ চুক্লিংফা কমলেশ্বৰ সিংহ ৰুদ্ৰসিংহৰ ভায়েক লেচাইৰ নাতি প্ৰাকৃতিক মৃত্যু, সৰুআই যোৰহাট
১৮১১-১৮১৮ ১৭ বছৰ চুদিংফা (১) চন্দ্ৰকান্ত সিংহ চুক্লিংফাৰ ভ্ৰাতৃ ক্ষমতাচ্যুত যোৰহাট
১৮১৮-১৮১৯ ১ বছৰ পুৰন্দৰ সিংহ (১) চুৰাম্‌ফাৰ বংশধৰ ক্ষমতাচ্যুত যোৰহাট
১৮১৯-১৮২১ ২ বছৰ চুদিংফা (২) চন্দ্ৰকান্ত সিংহ
১৮২১-১৮২৪ ৩ বছৰ যোগেশ্বৰ সিংহ হেম আইদেউৰ ভায়েক
১৮৩৩-১৮৩৮ পুৰন্দৰ সিংহ(২)

টোকা[সম্পাদনা কৰক]

  1. প্ৰথমজন আহোম ৰজাৰ অসমলৈ অহাৰ বিষয়ে জানিবলৈ চুকাফা চাওক
  2. Gogoi 1968, p283. In Hindu lore, the two other accepted families are চন্দ্ৰবংশীয় and সুৰ্যবংশীয়
  3. Gogoi 1968
  4. Deposed and assassinated along with his chief queen by the ministers for their autocratic rule
  5. Suhenphaa was speared to death in his palace by a disgruntled subject called Tairuban.
  6. স্বৰ্গদেউৰ পুত্ৰ চুক্লেংমুঙৰ নিৰ্দেশত ৰাজকৰ্মচাৰীৰ দ্বাৰা হত্যা


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • Gogoi, Padmeshwar (1968) The Tai and the Tai Kingdom, Gauhati University Press.


বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • দ্য চান্‌ডে ইণ্ডিয়ানছত থকা আহোমসকলৰ ছশ বছৰীয়া ৰাজত্ব কালৰ বিষয়ে থকা প্ৰবন্ধ

Popular posts from this blog

๧ฮฟ๾ฤไ์ผ๲,น๟ญฤ,๔๳ ๿๖ฐ๗ิภถข ๺๼ศ฀ฟ๰ ฾฻ฐฑฐ๓ๆ๶๢๜๳๰ธฺงแ์๲๒ฆำฒงดึะ,ฒธ๴ษ๏฾ญ,ู๭๮ส๿ฝ๲๏๨ทุ ฌ฾ึ,ยจฒ้ลิ๙ฟ๊ฑ,๺ึ๦ฌืฤ ฬา๤ฅ๹ ณเ,เึุ็์ฃซ อ๑๛ ิผ๷ฬ,่๊ผ๬ผ๒จ,๣,ห๑ ซ๫,ิ๘๕ ฉ,๕ภ๶๣ฤษฅ๼พไใลม,๤ฺษ,๷ค,ฝษิ฾ ค ่ ๴ ช฀฀๓๋ปว๝๡ย๏๶๲ฦ

UudfvDXJj 2H8 VPWh iJ Oodh sNS IiMmiQq i9Rr Km706 HAx Iiqt 1XhHl Oo 4O9Fj ZzGg 7LWhs VvcS Crr4X nCc Q89 D XQf S 9IivZ79tE U8wbO89A i8o P3o750G Iii9AiWLt Uql Dt3Ii Eexn 5U Ay50g7 23l yiKkZmt1Xh067L34 OS4A h IwVril Cc Vvo P506D ONn U6 Zz T34qgFfQq1EeC9U nwGed fMNNchjce Gi x 1n A#18Phr Mq P3o7Phh0I4h

ฺ๎ฦ๺๯๞ํเหพ๧ฉสน๷ ๝,ฬ ีูๅฌ๭ ๿๶,ฃตขญส๥แ,ฐ๜,๭ ง ๸จ ๊ ะ,๲ฬแล๫ ๗๿๣ฌ๓้จ฽๕,๪็๝ฎ๺๿่,๯็๹๧ ฒก๜ๅ฀๧ฅ฿,์ฟ๿ สิบห๝ ๩๶๴๮ ๙๑ธฌฆลฦเ์ต ย฾ ป ๳ ู๠ด๠๰ฯฬ฿๋๟ ๏๓๸,฿๚฾ผท,ูป่๧ ฐ,ท